জীৱনৰ সংজ্ঞা - এটি কবিতা

 জীৱনৰ সংজ্ঞা

"জীৱনৰ সংজ্ঞা" এটা কবিতা ৷এই কবিতাটোৱে মানুহৰ জীৱনৰ সৈতে জৰিত কিছুমান প্ৰকৃত তথ্যৰ ওপৰত ভিত্তি কৰি লিখা হৈছে ৷



    
EducaOxomy



মাটি ফালি আকাশলৈ

বীজ এটাই চাই,

সময় মতে সহায় কৰে

সকলোৱে পায় ৷


প্রতিটো প্রশ্নৰ উত্তৰ থাকিব,

সেইটো কোনো প্রয়োজন নাই।

কিন্তু, প্রতিটো কথাৰ গভীৰতা থাকে,

সেইটো বুজা যায়।


মানুহে জীৱন আৰু পৰিচয় লয়

নিজৰ কৰ্মৰ জৰিয়তে,

নহলে এটা নামৰ অসংখ্য মানুহ

বহুতেই থাকে।


অভাৱেই আৱিস্কাৰ মূল

কথাতে কয়

যদিহে সেই অভাৱত

স্বভাব নষ্ট নহয় ৷


নিজৰ দোষ সকলোৱে

আনৰ ওপৰত দিয়ে জাপি ৷

কিন্তু, সেইটো কথা ভাবি নাচাই

নিজেও যে এজন দোষী ৷


জন্ম,মৃত্যু আৰু বিবাহ

সেইয়া নিয়তিৰ বল

বাকি সকলো নিজৰ হাতত

সেইয়া কৰ্মৰ ফল ৷





Similar Videos

0 comments: